04/26/2022 - 18:29
in
বিশ্বনাথঃ সমগ্ৰ ৰাজ্যতে ৰঙালীৰ আনন্দ-উছাহৰ বা বলি আছে৷ তাৰ সমান্তৰালকৈ জাতি-জনগোষ্ঠীৰ মিলন ভূমিলৈ পৰিণত হ'ল বিহালীৰ বিহপুখুৰী অঞ্চল৷ চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'ছাইতি উদ্যোগত আৰু বিহপুখুৰী যুৱক সংঘৰ সৌজন্যত বিহপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত সমূহ জাতি-জনগোষ্ঠীক একত্ৰিত কৰি উদযাপন কৰা হ'ল সমন্বয় দিৱস৷
এই সমন্বয় দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি, মিছিং, দেউৰী, বড়ো, নেপালী, আদিবাসী উড়িয়া আদি জনগোষ্ঠীৰ লগতে অৰুণাচল প্ৰদেশৰ আদি জনজাতি লোকেও এপাক নাচিলেহি বিহপুখুৰী সমন্বয় বাকৰিত৷ আৰু নিশালৈ চিৰসেউজ অভিনেতা নিপন গোস্বামী, অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী, চাজন নায়ক, লোকশ্ৰী বঁটাপ্ৰাপক বিনোদ খনাল, গোৱালপৰীয়া লোকগীতেৰে প্ৰশিদ্ধ মিনি ভট্টাচাৰ্য, জনপ্ৰিয় গায়িকা পাপৰি গগৈ আৰু যোগেশ্বৰ টংলাক সম্বৰ্ধনা জনোৱা হয়৷