04/27/2022 - 17:59
in
বিহালীঃ ১৯৯৫ চনৰ ১ জানুৱাৰীত গঠন হোৱা বিহালী প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী কাৰ্যসূচী সামৰণি অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃনালিনী দেৱী বিশিষ্ট অতিথি হিচাপে থাকি বক্তব্য প্ৰদান কৰে। ক্লাৱৰ সভাপতি দীপক শৰ্মা সভাপতিত্ব কৰা সভাত আঁত ধৰে ক্লাৱৰ জ্যেষ্ঠ সাংবাদিক বীৰেন্দ্ৰনাথ গোস্বামী আৰু দিগন্ত কুমাৰ দাস "দিগন্ত শইকীয়ায়ে। বিশিষ্ট অতিথি হিচাপে থাকি বক্তব্য ৰাখে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই। ক্লাৱৰ সম্পাদ খগেন মটকে উদ্দেশ্য ব্যাখ্যা কৰা সভাত, বাৰ্তাজীৱী সংঘৰ ৰাজ্যিক সভাপতি টুটুমনি ফোকনে নিদিষ্ট বক্তাৰ আসন অলংকৃত কৰে।
বিহিলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড°জীৱন চন্দ্ৰ নিথে উদ্বোধন কৰা সভাখনত বহুকেইগৰাকী বিশিষ্টলোক উপস্থিত থাকি সভাখন সৌষ্ঠৱবৃদ্ধি কৰে। আজি পুৱা ভাগত বৃষৰোপণ কাৰ্যসূচীত বিহালী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই শুভাৰম্ভ কৰে। ইয়াৰ পিছতে অসম সাহিত্য সভাৰ উপ সভাপতি মৃনালিনী দেৱীয়ে বৃষৰোপণ কাৰ্যসূচীত অংশ লয়। আনহাতে বিহালী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা কালৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মা, সম্পাদক তথা শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাকে প্ৰমূখ্য কৰি বৰ্তমানলৈকে সভাপতি সম্পাদকৰ পদ অলংকৃত কৰা ৬ গৰাকী ব্যক্তিকে এখন গামোছা স্মাৰকৰে সম্বৰ্ধনা জনোৱা হয়৷
সমাৰণি অনুষ্ঠানত নৃত্য গীত-মাতেৰে অনুষ্ঠানভাগ জীপাল কৰে বিহালী স্নাতক মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলে৷ উল্লেখ্য যে-বিহালী প্ৰেছ ক্লাৱে এইবৰ্ষৰ পৰা আগবঢ়োৱা-মুক্তিযোদ্ধা প্ৰয়াত মোলান চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা'' প্ৰথমবাৰলৈ আগবঢ়োৱা হয় হাইলাকান্দিৰ সাংবাদিক অমিতৰঞ্জণ দাসক৷