সুখবৰঃ টৰ'ণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত জিলিকিল ধনতুলা চাহ-বাগিচাৰ নয়নমণি

 04/28/2022 - 19:58
 
 
 
নিউজ ডেস্কঃ চাহ বাগানৰ এগৰাকী ১২ বছৰীয়া কিশোৰীৰ সুখ-দুখ, হাঁহি-বেজাৰক লৈ নিৰ্মাণ কৰা এখন চুটি ছবি হৈছে ‘কুমু- এটা ডেউকা বিহীন চৰাইৰ গান’।প্ৰথমবাৰলৈ এককভাৱে এই ছবিখন পৰিচালনা কৰি ইতিমধ্যে ৰাষ্ট্ৰীয় ছবিজগতত জিলিকিবলৈ সক্ষম হৈছে পৰিচালক আকাংক্ষা ভাগৱতী।এই ছবিখনে কেৰালাৰ ফেডাৰেশ্যন অব ফিল্ম ছ’চাইটিজ অব ইণ্ডিয়াৰ, কেৰেলামৰ দ্বাৰা অনুষ্ঠিত কৰা SIGNS চলচিত্ৰ মহোৎসৱত সন্মানীয় ‘জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা’ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ। ‘কুমু’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নগাঁৱৰ ধনতুলা চাহ বাগিচাৰ কিশোৰী নয়নমণি মুৰাই।
 
নৱম শ্ৰেণীত অধ্যয়নৰত এই আদিবাসী কিশোৰীগৰাকীয়ে এই চুটি ছবিখনৰ জৰিয়তে ছবিপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।‘কুমু’ৰ চৰিত্ৰত অভিনয় কৰা নয়নমণি মুৰা এতিয়া জিলিকি উঠিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো। টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্ছিত্ৰ মহোৎসৱ, ২০২২ত নয়নমণিয়ে যুৱ শ্ৰেণীৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।মেইলযোগে কানাডাৰ আয়োজকসকলৰ পৰা এই বাৰ্তা লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে পৰিচালক আকাংক্ষা ভাগৱতী আৰু কিশোৰী অভিনেত্ৰী নয়নমণি মুৰা।জীৱনত কাহানিও অভিনয় কৰি নোপোৱা তথা কোনো পৰিকল্পনা নথকাকৈয়ে আকস্মিকভাৱে অভিনয়ৰ সুযোগ লাভ কৰা ধনতুলা চাহ বাগিচাৰ নয়নমণি মুৰাই এই সুখবৰ লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।