কাকপথাৰৰ টঙনা চাহ বাগিছাত সামূহিক বজাৰ নিৰ্মাণকলৈ চলিছে বিবাদ

 06/09/2019 - 15:03

কাকপথাৰ: কাকপথাৰৰ টঙনা চাহ বাগিছাত মালিক পক্ষ আৰু বাগিচাখনৰ শ্ৰমিকসকলৰ মাজত চলা মতভেদ সৰ্বজনবিদিত৷ শেহতীয়াকৈ বাগিছাখনৰ কাষতে এখন সামূহিক বজাৰ নিৰ্মাণক কেন্দ্ৰ কৰি চলিছে বিবাদ৷ অভিযোগ অনুসৰি বৰ্তমান বজাৰখন নিৰ্মাণ কৰোতে অতিজৰে পৰা বসবাস কৰি অহা পাঁচটাকৈ পৰিয়ালৰ ঘৰ-বাৰী উচ্ছেদ কৰিব বুলি শংকিত হৈ কাজিয়াৰ সুত্ৰপাত হয়৷ উত্তম দাস, শ্যামল দে, সুজিৎ দেৱ, মন্টু দাস, শিবচৰণ তাঁতি আৰু ললিত তাঁতি নামৰ ব্যক্তি কেইগৰাকীৰ ঘৰ বাৰীৰ মাটি বজাৰখন নিৰ্মাণৰ বাবে যাব বুলি অনুমান কৰি শংকিত হৈ পৰিছে ৷

বজাৰখন নিৰ্মাণৰ বাবে মাটি পেলাই থকাৰ সময়তে বাগিছাখনৰ চকিদাৰ জনৈক জন কিষান নামৰ ব্যক্তিগৰাকীক উত্তম দাস আৰু শিবচৰণ তাঁতি নামৰ যুৱক দুজনে প্ৰহাৰ কৰাৰ অভিযোগত জন কিষানে টঙনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ সময়তে বাগিছাখনৰ একাংশ মহিলা আৰু পুৰুষে উত্তম দাসৰ ঘৰত প্ৰবেশ কৰি এগৰাকী যুৱতীক মাৰপিট কৰাৰ লগতে ঘৰৰ অন্য মহিলাক ভাবুকি দিয়ে আৰু ঘৰৰ আচবাব লণ্ড-ভণ্ড কৰে৷ উত্তম দাসৰ পৰিয়ালে অভিযোগ কৰা মতে বাগিছাখনৰ পৰিচালকে ভয় ভাবুকি দেখোৱাই দৰমহা কৰ্তন কৰাৰ ভাবুকি দি উক্ত মহিলা আৰু পুৰুষসকলক ঘৰৰ ভিতৰত প্ৰবেশ কৰোৱাই মাৰপিটত লিপ্ত কৰোৱায়৷

আনহাতে বাগিছা কৰ্তৃপক্ষই উক্ত অভিযোগ নস্যাৎ কৰি সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে তেওঁলোকে মাৰপিট কৰা জন কিষানৰ পৰিয়ালৰ লোকেহে খঙত অগ্নিশৰ্মা হৈ এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে আৰু তাত বাগিছা কৰ্তৃপক্ষ কোনোপধ্যে জড়িত নহয়৷ লগতে বজাৰখন নিৰ্মাণ কৰোতে কাৰো কোনোধৰণৰ ক্ষতি নহয় বৰঞ্চ পূৰ্বৰ দৰেই সকলোৱে নিজৰ নিজৰ ঘৰত থাকিব পাৰিব বুলি জানিবলৈ দিয়ে৷ ইতিমধ্যে উত্তম দাসেও টঙনা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷

টঙনা চাহ বাগিছাৰ নিজৰ মাটিতে তেওঁলোকে এখন সামূহিক বজাৰ নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে বুলি জনোৱাৰ উপৰি বাগিছা কৰ্তৃপক্ষৰ বিনা অনুমতিত উত্তম দাসে পুখুৰী খান্দিছিল আৰু শিবচৰন তাঁতীয়ে ঘৰৰ ভেটি গঢ়িছিল বুলি জানিবলৈ দিয়ে৷ দুয়ো পক্ষৰ অভিযোগ প্ৰতি অভিযোগৰ ভিত্তিত আইনে কাৰপক্ষ লয় কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে আগন্তুক সময়ত সেইয়া হ'ব লক্ষ্যণীয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।