জামুগুৰিহাটতো ঈদগাহ ময়দানত সমূহীয়া নামাজ

 05/03/2022 - 13:16

 

জামুগুৰিহাটঃ মোৰ মনত ভেদ ভাৱ নাই অ আল্লা মোৰ মনত ভেদ ভাৱ নাই। হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান........ এই জিকিৰ ফাকিৰে আৰম্ভ হয় আজি পবিত্ৰ ঈদৰ সমঊহীয়া নামাজ। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সমীপৰ ইটাখোলা অঞ্চলৰ এগৰাকী বিশিষ্ট নাগৰিক গিয়াছ চুদ্দিন আহমেদে আতধৰা পবিত্ৰ ঈদৰ সমূহীয়া নামাজত জিকিৰ ফাকিৰে উপস্থিত সকলোকে আদৰণি জনায়।

 

 

সমূহীয়া নামাজত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষী কান্ত বৰাই এমাহ ব্ৰতত থাকি আল্লাৰ দোৱা গ্ৰহণ কৰিবলৈ অহা সকলো ইছলাম ধৰ্মী লোকসকলক পবিত্ৰ ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে ঈদৰ তাৎপৰ্যৰ বিষয়ে তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে বিগত দুটা বৰ্ষত ক’ভিড-19 ৰ বাবে সমূহীয়া নামাজ অনুষ্ঠিত হোৱা নাছিল বাবে এই বছৰ আল্লাৰ দোৱা ল'বলৈ ইছলাম ধৰ্মী লোকসকল অতি পবিত্ৰভাৱে সমূহীয়া নামাজত অংশ লয়। পুৱ ভৰলী মুছলিম জনকল্যাণ পৰিষদৰ উদ্যোগত প্ৰতি বছৰে ইটাখোলাৰ ঈদগাহ ময়দানৰ এইদৰে সমূহীয়াভাৱে নামাজ পঢ়ি আল্লাৰ দোৱা গ্ৰহণ কৰা হয়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।