06/09/2019 - 15:14
in
গুৱাহাটী: কহিনুৰ ৱৰ্ল্ডবুক অফ ৰেকৰ্ডছৰ এক স্বীকৃতিপ্ৰাপ্ত মহিলা কবিৰ কাব্যনুষ্ঠান হৈছে নদী আৰু নাৰী। এই নদী আৰু নাৰী উদ্যোগত দীর্ঘদিনৰ পৰা নদীক লৈ কাব্য চৰ্চা কৰি অহা ৩৮খনকৈ শিশু গ্ৰন্থৰ লেখিকা তথা ২০১৬ চনৰ শিশু সাহিত্য একাডেমি বিজয়ী হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিক প্ৰথমবাৰৰ বাবে 'নদী মহীয়সী' বঁটা ৰবিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত প্ৰদান কৰা হয়।
এই বঁটাত আছে নগদ পাঁচ হাজাৰ টকা, প্ৰশস্তি পত্ৰ, জাপি আৰু কিতাপৰ টোপোলা। বঁটা প্ৰদানৰ উপৰি অসমৰ সমাজ সাহিত্য জগতলৈ বৰঙণি আগবঢ়োৱা কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত।