06/09/2019 - 15:32
in
দলগাঁও: উত্তৰ প্ৰদেশৰ আলিগৰ জিলাৰ টুইংকল শৰ্মা নামৰ আঢ়ৈ বছৰীয়া কন্যাক হত্যা কৰাৰ দাবীত খাৰুপেটীয়াত বন্তি প্ৰজ্জ্বলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে দৰং আমছুয়ে। যোৱা ইংৰাজী ৩১মে' তাৰিখৰ পৰা সন্ধানহীন হৈ থকা উত্তৰ প্ৰদেশৰ আলিগৰ জিলাৰ টুইংকল শৰ্মা নামৰ আঢ়ৈ বছৰীয়া কন্যাক জঘন্যভাবে হত্যা কৰাৰ প্ৰতিবাদত শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ দৰং জিলা সমিতিয়ে সন্ধিয়া সাত বজাত খাৰুপেটীয়া ডাক বঙলাত প্ৰতিবাদ সাব্যস্ত কৰে।
কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, জিলা সমিতিৰ সভাপতি আলেপ উদ্দিন, সাধাৰণ সম্পাদক মাহবুবুল আলমৰ লগতে প্ৰায় এক শতাধিক কৰ্মীৰ উপস্থিতিত টুইংকল শৰ্মাৰ ন্যায় আৰু আত্মাৰ সদগতি কামনা কৰে।