নেপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 05/16/2022 - 15:44

 

নিউজ ডেস্কঃ এদিনীয়া ভ্ৰমণসূচীৰে নেপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ ৰক্ষা কৰি বুদ্ধ পূৰ্ণিমাৰ দিনা প্ৰধানমন্ত্ৰীজনে ভ্ৰমণ কৰিব লুম্বিনীৰ মায়াদেৱী মন্দিৰ।

 

এই ভ্ৰমণৰ প্ৰাকক্ষণত শুকুৰবাৰে বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে, ভাৰতে সদায়ে দ্বিপাক্ষিক প্ৰণালী বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে নেপাল ভ্ৰমণৰ সময়ত নেপালত অনুষ্ঠিত হ’ব লগীয়া বৈঠকত জলবিদ্যুত আৰু যোগাযোগ ব্যৱস্থাকে ধৰি আন কেইবাটাও বিষয়ৰ ওপৰত আলোচনাত মিলিত হ’ব।

 

প্ৰধানমন্ত্ৰীজনৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিব বুলিও জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।