গুৱাহাটীঃ অসমৰ সত্ৰসমূহৰ ভিতৰত অন্যতম সত্ৰ শ্ৰী শ্ৰী দিহিংসত্ৰ। উত্তৰ গুৱাহাটীৰ দিহিংসত্ৰত (সৰুজনা সত্ৰ) আজি শুক্লাসপ্তমীৰ পবিত্ৰ তিথিত নামঘৰ আৰু মনিকূট ভৱণ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। আয়তীৰ উৰুলি, মংগল ধ্বনি, ঢোল, তাল, কাঁহৰ শব্দই সত্ৰত এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰে।
এনে এক পৰিবেশত দিনৰ ১১. ৫০ বজাত দিহিং থুলৰ তেলপানী সত্ৰ (ডিব্ৰুগড়) সত্ৰাধিকাৰ শ্ৰীশ্ৰী দুৰ্লভ চন্দ্ৰ মহন্তই ৰাইজৰ অনুদানৰে সম্পন্ন কৰিবলগীয়া ১২ লাখ টকীয়া মনিকূট ভৱনৰ আধাৰশিলা স্থাপন কৰে। কাল সংহতিৰ আৰ্হিত সত্ৰ শৈলীৰে ভৱনটো নিৰ্মাণ কৰা হ’ব। নামনি অসমৰ দিহিং খেলসমূহৰ প্ৰতিনিধি, আয়তী, স্থানীয় শিষ্যসকলে আজিৰ অনুষ্ঠান উপস্থিত থাকি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
আধাৰশিলা স্থাপনৰ পূৰ্বে বৈদিক পদ্ধতিৰে পূজা অৰ্চনা কৰা হয়। আজিৰ আধাৰশিলা অনুষ্ঠানত গোসাঁই উজ্জ্বলেন্দু গোস্বামী, সমাজকৰ্মী হৰিচৰণ দলৈ, শচীন ভুঞা, পবেন পাঠক, প্ৰনৱজিৎ দলৈ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পাছতে ভক্তসকলক বুটমাহ আৰু ভোজ ভাত বিতৰণ কৰা হয়।নিৰ্মাণ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সভাপতি উজ্জ্বলেন্দু গোস্বামী আৰু সম্পাদক সত্যজিৎ ভূঞাকলৈ এখন শক্তিশালী উন্নয়ন সমিতি গঠন কৰা হৈছে।