নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যুবাৰ্ষিকী…

 05/17/2022 - 13:29

 

 


নিউজ ডেস্কঃ অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ পৰাগ কুমাৰ দাস৷ দুৰ্বৃত্তৰ গুলীত প্ৰাণ আহুতি দিয়া পৰাগ কুমাৰ দাসৰ আজি মৃত্যুবাৰ্ষিকী। ১৯৯৬চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত আততায়ীৰ গুলীত নিহত হৈছিল ৰাজ্যখনৰ এগৰাকী বলিষ্ঠ সাংবাদিক পৰাগ কুমাৰ দাস।

 

প্ৰতিকূল পৰিৱেশকো নেওচি ৰাজ্যখনৰ অজস্ৰ গুণমুগ্ধই আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাঁচিবলৈ সাজু হৈছে। ৮০ দশকতেই পৰাগ কুমাৰ দাসে ‘প্ৰান্তিক’ আৰু আন দৈনিক কাকতত স্তম্ভ লেখক হিচাপে সাংবাদিকতা আৰম্ভ কৰিছিল। সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক মানৱ অধিকাৰ সমিতিয়ে (মাছ) প্ৰতিবছৰে চহিদ দিৱস হিচাপে পালন কৰি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।