05/17/2022 - 20:02
in
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ২৯ নং কোকৰাঝাৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত ফকিৰাগ্ৰাম মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি মুখ্যমন্ত্ৰী ত্ৰাণ সাহায্য পুঁজিৰ চেক বিতৰণ কৰা হয়৷ সমষ্টিৰ ৩২০ গৰাকী দৰিদ্ৰ শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰী, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দৰিদ্ৰ ৰোগীৰ চিকিৎসাৰ বাবে আৰ্থিক অনুদানৰ চেক আজি আনুষ্ঠানিকভাবে বিতৰণ কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে৷ মুখ্যমন্ত্ৰী ত্ৰাণ সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক সকলক সামান্য পৰিমাণে সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে প্ৰকাশ কৰে৷ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে বিটিচিৰ পাঁচটা পৰিষদীয় সমষ্টিৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু ৰোগীৰ মাজত ৪৭ লাখ ৭০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয়৷ মোকোলাই অনা হৈছে৷
ছাত্ৰ-ছাত্ৰীসকলক প্ৰাধান্য দিয়া হৈছে৷ কেঞ্চাৰ, কিডনি, হাৰ্টৰ ৰোগ আদিৰ দৰে দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হোৱা আদি ৰোগীক প্ৰাধান্য দি ২০২১-২০২২ বৰ্ষত পোন প্ৰথমবাৰৰ বাবে এই সাহায্য বিতৰণ কৰাৰ দিহা কৰা হৈছে৷ তেখেতে কয়, ছাত্ৰ-ছাত্ৰীসকল হ’ল ৰাষ্ট্ৰৰ সম্পদ৷ মানৱ সম্পদ৷ এই মানৱ সম্পদৰ মাজত শ্ৰেণী বিভাজন নকৰে৷ বৰ্ণ বৈষম্য, জাত পাতৰ বৈষম্য, ধৰ্মীয় মেৰুকৰণ আদিৰ নাম লৈ ৰাজনীতি নকৰে৷ আদৰ্শ নীতি হিচাপে বাচ-বিচাৰ কৰা নাই৷ এটা আঠুৱা কম্বল লৈ সন্তীয়া আৰু তল খাপৰ ৰাজনীতি নকৰে৷ মানুহক সেৱা কৰা হ’ল দায়িত্ব আৰু কৰ্তব্য৷ সামাজিক দায়বদ্ধতা পালন কৰি আছে৷ চেক বিতৰণ সভা পৰিচালনা কৰে ব্লক সভাপতি এজামুল হক৷অতিথি চিকানী পৰ্বৰ আঁত ধৰে জিলা উপ সভাপতি ড° ৰেজাউল কৰিম৷উদ্দেশ্য ব্যাখ্যা কৰে সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ছুলতান আলমে৷ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ উচ্চ শিক্ষা গ্ৰহণ, দৰিদ্ৰসীমা ৰেখাৰ তলত বসবাস কৰা লোকৰ বাবে চিকিৎসা সেৱাৰ ব্যৱস্থা ৩২০ গৰাকী লোকৰ মাজত এই মুখ্যমন্ত্ৰীৰ ত্ৰাণ সাহায্য পুঁজিৰ পৰাই এই সাহায্য লাভ কৰিছে৷দোতমা পৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰকাশ বসুমাতাৰীয়ে নিজৰ বক্তব্যত মুখ্যমন্ত্ৰীৰ এই সাহায্য পুঁজিৰ শলাগ লৈ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ অশেষ চেষ্টা আৰু বলিষ্ঠ পদক্ষেপৰ বাবে সমষ্টিবাসী ৰাইজে বহুখিনি উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে৷ চেক বিতৰণ কাৰ্যসূচীত আমছুৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইনয়ে বিধায়ক ৰবিৰাম নাৰ্জাৰীক ধন্যবাদ জ্ঞাপন কৰি ছাত্ৰ ছাত্ৰী সকলে যাতে এই ছাত্ৰ বৃত্তিৰ জৰিয়তে নিজৰ উদ্দেশ্য আৰু লক্ষ্যস্থানত উপনীত হ’ব পাৰে তাৰ কামনা কৰে৷ উপস্থিত থাকে কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য হৰিদাস বৈষ্ণৱ, ব্লক কমিটিৰ সাধাৰন সম্পাদক পুলকেশ ৰায় সহ কেন্দ্ৰীয়, জিলা আৰু ব্লক সমিতিৰ বহু কেইজন নেতা-কৰ্মীৰ উপৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক, ৰোগী আৰু ৰোগীৰ আত্মীয়সকলে উপস্থিত থাকে৷