কান চলচ্চিত্ৰ মহোৎসৱত ‘সন্মানৰ দেশ’ খিতাপ লাভ ভাৰতবৰ্ষৰ

 05/19/2022 - 16:25
 
 
নিউজ ডেস্কঃ কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ ত অংশ লৈছে ভাৰতীয় প্ৰতিনিধি দল আৰু বিভিন্ন শিল্পীয়ে৷ ভাৰতে এইবাৰ এই মহোৎসৱত 'সন্মানৰ দেশ' হিচাপে অংশগ্ৰহণ কৰিছে। ভাৰত 'সন্মানৰ দেশ' হিচাপে অন্তৰ্ভুক্ত হোৱাত আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এক বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি থকা সময়তে কান চলচ্চিত্ৰ মহোৎসৱত 'সন্মানৰ দেশ' হিচাপে অংশগ্ৰহণ কৰিছে। এফালে ভাৰত আৰু ফ্ৰান্সে ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্ক উদযাপন কৰিছে আৰু আনহাতে কান চলচ্চিত্ৰ মহোৎসৱে ইয়াৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।