বান বিধ্বস্ত এলেকাৰ গ্ৰাহকৰ বাবে Jioৰ প্ৰশংসনীয় পদক্ষেপ...

 05/19/2022 - 17:38
 
 
নিউজ ডেস্কঃ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত নিজৰ গ্ৰাহকৰ কাষত থিয় দিছে ৰিলায়েঞ্চ জিঅ’ই। জিঅ’ই সকাহৰ ব্যৱস্থা হিচাপে উত্তৰ-পূবৰ ধুমুহা, প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ দ্বাৰা আক্ৰান্ত অঞ্চলসমূহৰ গ্ৰাহকৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াইছে।ৰিলায়েন্স জিঅ’ই ঘোষণা কৰিছে বিনামূলীয়া চাৰিদিনীয়া আনলিমিটেড প্লেন।
 
ইয়াৰ নেটৱৰ্কৰ ভিতৰত আনলিমিটেড ফ্ৰী কল আৰু প্ৰতিদিনে ১.৫ জিবি পৰ্যন্ত ডাটা সেৱাৰ লগতে আক্ৰান্ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ গ্ৰাহকসকলক চাৰিদিনৰ বাবে প্ৰতিদিনে ১০০টা এছএমএছৰ ব্যৱস্থা কৰা হৈছে।জিঅ’ই এই দুৰ্যোগৰ সময়ত গ্ৰাহকৰ সৈতে দৃঢ়তাৰে থিয় দিছে। তেওঁলোকৰ আপোনজনৰ সৈতে যোগাযোগত থাকিবলৈ আৰু সংযোগত থাকিবলৈ সহায় কৰিবলৈ Jioই এটা বিনামূলীয়া ৪ দিনৰ আনলিমিটেড ভইচ এণ্ড ডাটা পেক আৰু প্ৰতিদিনে ১০০ smsৰ সুবিধা প্ৰদান কৰিছে।৪ দিনীয়া পেকত ১.৫ জিবি হাই স্পীড ডাটা আৰু আনলিমিটেড ভইচৰ লগতে প্ৰতিদিনে ১০০টা এছএমএছৰ সুবিধা থাকিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।