মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী আলিপুখুৰী(পাটেকীবড়ী)সত্ৰত "মহা পালনাম সেৱা" উদযাপনৰ ব্যাপক প্ৰস্তুতি

 05/19/2022 - 20:04
 
 
মৈৰাবাৰীঃ দুদিনীয়া কাৰ্যসূচীৰে অহা ৬ আৰু ৭ জেঠ অৰ্থাৎ ইংৰাজী 21 আৰু 22 মে তাৰিখে জগত গুৰু শ্ৰীশ্ৰী শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ীত "মহা পালনাম সেৱা" উদযাপন অনুষ্ঠিত কৰা হ’ব গতিকে অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজক মহা পালনাম ভাগত অংশগ্ৰহণ কৰিবলৈ সত্ৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে। শেহতীয়া কৈ অসমত বানপানীয়ে লোৱা ভৱাবহতাৰ পৰা ৰক্ষা পাবৰ বাবে গুৰুজনাৰ শ্ৰীচৰণত সেৱা ধৰিব বুলি সত্ৰ পৰিচালনা সমিতিয়ে জনাইছে। জগতগুৰু শ্ৰীশ্ৰী শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত মহা পালনামৰ কাৰণে চলিছে ব্যাপক প্ৰস্তুতি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।