জামুগুৰিহাটৰ ৰঙাচকুৱাত নদুৱাৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কৰ্মশালা সম্পন্ন

 05/19/2022 - 20:10
 
 
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱা সামুহিক ভৱনত আজি নদুৱাৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এখনি কৰ্মশালা অনুষ্ঠিত হয়৷ ভাৰতীয় চাহ ব'ৰ্ডৰ তেজপুৰ মাণ্ডলিক কাৰ্য্যালয়ৰ উন্নয়ন বিষয়া ধীৰাজ শইকীয়াৰ উদ্যোগত আয়োজিত কৰ্মশালা খনিত বিষয়া গৰাকীৰ লগতে টোকলাই চাহ গৱেশনা কেন্দ্ৰৰ ঠাকুৰবাৰী শাখাৰ পৰামৰ্শদাতা কৃষ্ণ বৰাই দুশৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰশিক্ষণ প্ৰদান কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।