ধুবুৰীত কণ্ঠশিল্পী জুৱলী

 05/20/2022 - 13:14
 
 
 
 
ধুবুৰীঃ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আৰু বিভিন্ন ভাষা-ভাষী ৰাইজে মিলি একগোট হৈ মিলন ভুমিত পৰিণত কৰি অসমৰ বাৰে বৰনীয়া সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ ব'হাগী উৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰণ কৰে অসমৰ আগশাৰীৰ খ্যাতনামা কণ্ঠশিল্পী জুৱলী। ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৌজন্যত ব'হাগী উৎসৱৰ আজি অন্তিম দিনা নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰী জিলা পুথিভৰাল প্ৰেক্ষাগৃহত সাংস্কৃতিক সন্ধিয়া কাৰ্যসুচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অসমৰ আগশাৰীৰ খ্যাতনামা কণ্ঠশিল্পী জুৱলীয়ে গীতৰ শৰাই আগবঢ়াই ৰাইজক উৎফুল্লিত কৰি তোলে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।