নগাঁৱত ৫০ কোটি টকাৰ ড্ৰাগছসহ মহিলাক গ্রেপ্তাৰ দিল্লী আৰক্ষীৰ

 03/14/2019 - 17:17

নগাঁওঃ নগাঁৱত সংঘটিত হৈছে অসমৰ সর্ববৃহৎ ড্ৰাগছ জব্দ অভিযান।

দিল্লী আৰু বিহাৰৰ পৰা অসমৰ লগতে সমগ্ৰ উত্তৰ-পূর্বাঞ্চলত চলি থকা ভয়াৱহ ড্ৰাগছ ব্যৱসায় নিয়ন্ত্রণ হয়।

শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে দিল্লী ৰে’ল ষ্টেচনত ধনজী গুপ্তা নামৰ এটা দুর্ধর্ষ ড্রাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ পাছত এই ভয়াৱহ তথ্য পােহৰলৈ আহিছে।

জানিব পৰা মতে, আজি চাৰি দিন পূর্বে বিহাৰৰ ধনজী গুপ্তা নামৰ ড্ৰাগছ ব্যৱসায়ীটোক দিল্লীত গ্রেপ্তাৰ কৰাৰ পাছত অসমতাে ড্ৰাগছ ব্যৱসায় চলাই যােৱাৰ তথ্য লাভ কৰে দিল্লী আৰক্ষীয়ে। ইয়াৰ পাছতে দিল্লী আৰক্ষীয়ে অসম আৰক্ষীৰ লগত যােগাযােগ কৰি নগাঁৱত উপস্থিত হয়।

দিল্লী আৰক্ষীৰ দলটোৱে নগাঁও আৰক্ষীৰ সহযােগত যােৱানিশা নগাঁও চহৰৰ সমীপৱৰ্তী বেঙেনাআটীৰ পৰা সামর্থ ভানু নামৰ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰাৰ লগতে ২৩.৫ কেজি হেৰ'ইন জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, এই হেৰ'ইনখিনিৰ মূল্য প্রায় ৫০ কোটি টকা। ৰাজ্যত এয়াই সর্ববৃহৎ ড্ৰাগছ জব্দ হােৱা অভিযান হিচাপে চিহ্নিত হৈছে।

এই বৃহৎ পৰিমাণৰ হেৰ'ইনখিনি ধৃত মহিলাগৰাকীৰ ঘৰত মজুত ৰাখি ডিমাপুৰলৈ নি বহিঃৰাষ্ট্ৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু দিল্লীত ধনজী গুপ্তা নামৰ ড্ৰাগছ ব্যৱসায়ীজন আৰক্ষীৰ জালত পৰাৰ পাছতেই ড্রাগছৰ এই বৃহৎ নেটৱৰ্কৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে কঠোৰ অভিযান আৰম্ভ কৰি হেৰ'ইনসহ মহিলাগৰাকীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

সম্প্রতি ধৃত ড্ৰাগছ ব্যৱসায়ী ধনজী গুপ্তাৰ লগতে আৰক্ষীয়ে সামর্থ ভানু নামৰ মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে।

জানিব পৰা মতে, ড্রাগছৰ এই বিশাল নেটৱৰ্কৰ জৰিয়তে বহিঃৰাষ্ট্ৰলৈ ড্ৰাগছ সৰবৰাহ হৈ আহিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ এই ৰমৰমীয়া ব্যৱসায় দীর্ঘদিন ধৰি চলি আহিছে।

দিল্লী আৰক্ষীৰ এই সচেতনমূলক কাৰ্যক সকলোৱে একমুখে প্ৰশংসা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।