05/20/2022 - 17:45
in
জামুগুৰিহাটঃ জামুগুৰিহাটৰ অন্যতম ক্ৰিয়া অনুষ্ঠান নদুৱাৰ সাঁতোৰ সন্থাৰ উদ্যোগত আজিৰ পৰা অনুষ্ঠিত হৈছে সাঁতোৰ প্ৰশিক্ষণ শিবিৰ। অসম সাতোৰ সন্থাৰ সৌজন্যত নদুৱাৰ সাঁতোৰ সন্থাৰ জৰিয়তে জামুগুৰিহাটৰ অমৃতোপম পাব্লিক স্কুলত আয়োজিত সাঁতোৰ প্ৰশিক্ষণ শিবিৰ আজি পুৱা বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে জামুগুৰি আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেম কুমাৰ লিম্বুৱে।ন সাঁতোৰ সন্থাৰ সম্পাদক প্রাঞ্জল শইকীয়াই আতধৰা উন্মোচনী সভাখনত সভাপতিত্ব কৰে নদুৱাৰ সাঁতোৰ সন্থাৰ উপ সভাপতি সংগ্ৰাম ৰতন ৰাজবংশীয়ে।
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অমৃতোপম ইডুকেচন চছাইতিৰ সম্পাদক দেবজিৎ দাস, আন্তৰাষ্ট্ৰীয় ক্ৰীয়াবিদ মনজিত ডিহিঙীয়াৰ লগতে নদুৱাৰ সাঁতোৰ সন্থাৰ সহকাৰী সম্পাদক তথা সহ প্রশিক্ষক অবিনাশ তালুকদাৰে সাতোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। নদুৱাৰ সাঁতোৰ সন্থাৰ উদ্যোগত জামুগুৰিহাটত ইতিমধ্যে বিগত সময়চোৱাত বহুকেইটা সাঁতোৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ লগতে প্ৰশিক্ষণৰত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে বুলি উদ্যোক্তা সকলে জনাইছে।