দুটা বছৰৰ পিছত এইবাৰ কামাখ্যা মন্দিৰত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা

 05/21/2022 - 14:03

 

নিউজ ডেস্কঃ দুটা বছৰৰ পিছত এইবাৰ পুনৰ কামাখ্যা মন্দিৰত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। মন্দিৰ কৰ্তৃপক্ষ আৰু কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনৰ মাজত হোৱা বৈঠকৰ পিছত ঘোষণা কৰে এই কথা। জুন মাহৰ ২২ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া এই অম্বুবাচী মেলা অন্ত পৰিব ২৬ জুনত।

 

অম্বুবাচী মেলাৰ ৰীতি-নীতিৰ বাবে মন্দিৰ কতৃপক্ষই ৰাইজক মন্দিৰ দৰ্শন কৰিবৰ বাবে অনুমতি প্ৰদান নকৰিব। আৰু এই নিয়ম ২২ জুনৰ নিশা ৮:১৬ৰ পৰা কাৰ্যকৰী কৰা হ’ব আৰু ২৬ জুনৰ ৰাতিপুৱাৰ লৈকে এই নিয়ম চলি থাকিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।