05/22/2022 - 13:26
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মংগলবৰীয়াৰ স্বৰ্গীয় দিলিৰাম চিৱাগুটিৰ বাসগৃগত বিশ্ব শান্তিৰ কামনাৰে শ্ৰী বৈকুণ্ঠ প্ৰাপ্তিৰ হকে এক সপ্তাহযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে শ্ৰী শ্ৰী মদ ভাগৱত পাঠ অনুষ্ঠান। অঞ্চলটোৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ এক লাখ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী শনিবাৰে সন্ধিয়া সম্পন্ন হয়।
পৰিয়ালৰ সকলোৰে শ্ৰী বৈকুণ্ঠ প্ৰাপ্তি আৰু ভৱিষ্যতৰ সতি-সন্ততিৰ সনাতন সংস্কৃতিৰ সংস্কাৰ হোৱাৰ লগতে পুৰ্বপুৰুষসকলৰ আত্মাৰ চিৰ শান্তি কামনাৰে অনুষ্ঠানভাগ আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ সদস্যসকলে। ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ভাগৱত পাঠৰ মূল ব্যাখ্যা কৰে আচাৰ্য্য পণ্ডিত দেৱনায়ক অধিকাৰী আৰু সংগীবৃন্দই।
বৰ্তমানৰ নৱপ্ৰজন্মই ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা ভক্তি কৰিলেহে কু-সংস্কাৰৰ পৰা বিৰত থাকি এক শান্তি ভাৱধাৰাৰে সমাজখন নিকা কৰিব পাৰিব বুলি জানিবলৈ দিয়ে প্ৰবচক আচাৰ্য্য পণ্ডিত দেৱনায়ক অধিকাৰীয়ে। এক সপ্তাহযোৰা বিস্তৃত কাৰ্য্যসূচীৰে মাঙ্গলিক নীতি নিয়মৰ মাজেৰে উদযাপন কৰা ভাগৱত পাঠ অনুষ্ঠানৰ দিনে নিশাই হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল জামুগুৰিহাটৰ মংগলবৰীয়া অঞ্চলৰ আকাশ-বতাহ।