গুৱাহাটী: ২০২০ চনত বস্ত্ৰ নগৰী শুৱালকুছিত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিবেশন। ২০২০ চনৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ শুৱালকুছিৰ সেউজ বালিচৰত অধিবেশনখন অনুষ্ঠিত হ'ব। শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ পাৰৰ মাধৱদেৱ ক্ষেত্ৰৰ পৰা হাইস্কুল খেল পথাৰলৈকে বিশাল ভূমি সামৰি অধিবেশনৰ স্থান নিৰ্ণয় কৰা হৈছে।
আজি এই সন্দৰ্ভত এক সভা অনুষ্ঠিত হয়। শুৱালকুছিত অনুষ্ঠিত হ'বলগীয়া দ্বি বাৰ্ষিক অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি হিচাপে থাকিব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। আজিৰ পৰাই অসম সাহিত্য সভাৰ অধিবেশনৰ প্ৰস্তুতি আৰম্ভ হৈছে। আজিৰ এই সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ সম্পাদক পৰমানন্দ ৰাজবংশীৰ লগতে শুৱালকুছিৰ বহু সাহিত্যপ্ৰেমী। শুৱালকুছি সাহিত্য সভাৰ অধিবেশনত দেশৰ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনোৱা হ'ব। এই অধিবেশনৰ উদ্যোগ লৈছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
অন্যান্য কমিটিসমূহ পৰ্যায় ক্ৰমে গঠন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।