বাক্সাৰ লাৱদাংগুৰীত বন্যহস্তীয়ে ক্ষতিসাধন কৰা পৰিয়ালৰ কাষত গৌতম দাস

 05/22/2022 - 15:48
 
 
শালবাৰীঃ বাক্সাৰ লাৱদাংগুৰীত বন্যহস্তীয়ে ক্ষতিসাধন কৰা পৰিয়ালৰ বুজ ল’লে বিটিআৰৰ কাৰ্যবাহী তথা মঠনগুৰী সমষ্টিৰ MCLA সদস্য গৌতম দাসে। যোৱা কিছুদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে উপদ্ৰপ চলাইছিল অঞ্চলটোত। কেইবাটাও বন্যহস্তীয়ে অঞ্চলটোৰ বহুকেইটা বাসগৃহ ভাঙি তচনচ কৰাৰ লগতে কৃষিভূমিত চলাইছিল তাণ্ডৱ। তাৰ পিছতেই বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে উক্ত পৰিয়ালসমূহৰ ক্ষয় ক্ষতিৰ বুজ লৈ এই সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে।মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আওপুৰণি বৈদ্যুতিক বেৰসমূহৰ ঠাইত উন্নতমানৰ শক্তিশালী বৈদ্যুতিক বেৰ দিয়াৰ পোষকতা কৰে নেতাগৰাকীয়ে। এই সংক্ৰান্তত বিটিআৰৰ বনবিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্যক সমস্যাটো অৱগত কৰে আৰু অচিৰেই এই সমস্যা সমাধান কৰাৰ কথা জানিবলৈ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।