জাপানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 05/22/2022 - 17:31
 
 
নিউজ ডেস্কঃ ২৩ আৰু ২৪ মে’ত জাপান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৩ আৰু ২৪ মে’ত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদী ৪০ ঘণ্টা জাপানত থাকিব আৰু ২৩খন বৈঠকত অংশ ল’ব। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ৩৬গৰাকী জাপানৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বহিঃৰাজ্যৰ ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোডীয়ে কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাপানলৈ ৰাওনা হ’ব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।