বৰলীয়া নৈৰ পাৰত নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

 05/22/2022 - 18:40
 
 
 
 
বাহাৰঘাটঃ নলবাৰী জিলাৰ পূব প্ৰান্তেৰে বৈ যোৱা ঐতিহাসিক বৰলীয়া নৈৰ পাৰত আজি জিলা সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হৈ যায়। এই সভাতে ১৯ জুন তাৰিখত নলবাৰী জিলা সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ নলবাৰী ৰত্ন মৰোনোত্তৰ ভাৱে ডঃ ৰমেশ পাঠকক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰাক্তন জিলা সভাপতি প্ৰয়াত হৰেন্দ্ৰ নাথ শৰ্মাকো প্ৰদান কৰা হব সাহিত্য সুহৃদ সন্মান। অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱী আৰু সংস্কৃত সাহিত্যৰ পণ্ডিত, ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অব অনাৰ সন্মানেৰে বিভূষিত ডঃ ৰাজেন্দ্ৰ নাথ শৰ্মাই উক্ত বঁটা প্ৰদান কৰিব।
 
নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আৰু বাহাৰঘাট শাখা সাহিত্য সভাৰ সদস্য দেৱকান্ত ভট্টাচাৰ্যই আঁত ধৰা সভাখনত বিগত সময়চোৱাৰ প্ৰতিবেদন পাঠ কৰে জিলা সম্পাদক পংকজ বেজবৰুৱাই। জিলা সাহিত্য সভাই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী ভাষা প্ৰকল্পৰ বাবে বিধায়ক জয়ন্ত মল্ল বৰুৱাই লোৱা উদ্যোগৰ ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰি এই প্ৰকল্পক পূৰ্ণাংগ ৰূপ দিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আহ্বান জনায়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।