05/23/2022 - 16:00
in
নিউজ ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে, 'বিদ্যালয়সমূহে আধুনিক শিক্ষা প্ৰদান কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে ভৱিষ্যতে যিকোনো কাম কৰাৰ বিকল্প পথৰ সন্ধান লাভ কৰে। ধৰ্মীয় শিক্ষা ঘৰতো দিব পৰা যায়। যিকোনো ধৰ্মীয় প্ৰতিষ্ঠানত প্ৰৱেশ এনে এক বয়সত হ'ব লাগে যেতিয়া শিশুৱে তেওঁলোকৰ নিজা সিদ্ধান্ত ল'ব পাৰে।' মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ পঞ্চজন্যৰ দ্বাৰা আয়োজন কৰা মিডিয়া মহামন্থনত অংশগ্ৰহণ কৰি মাদ্ৰাছা শিক্ষাৰ তীব্ৰ বিৰোধিতা কৰে। মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, মাদ্ৰাছা শব্দটোৱেই বিলুপ্ত হ'ব লাগে। যেতিয়ালৈকে শিশুসকল মাদ্ৰাছালৈ যাব, কেতিয়ালৈকে কোনো শিশু ডাক্তৰ-ইঞ্জিনিয়াৰ হ'ব নোৱাৰে। মাদ্ৰাছাত ভৰ্তি কৰাৰ পূৰ্বে এটি শিশুক যদি কোৱা হয় যে, তেওঁ ডাঙৰ হ'লে কেৱল ‘জনাব’হে হ'ব পাৰিব, তেতিয়া কোনো শিশুৱেই মাদ্ৰাছালৈ নাযাব। ঘৰত দুই-তিনি ঘণ্টা ধৰ্মীয় পুথি পঢ়ালেও বিদ্যালয়ত ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নালাগে।'