বিজনীত বিজেপিৰ দলীয় সভাত ভৱেশ কলিতা

 05/24/2022 - 17:40
 
 
 
বিজনীঃ বিজনীত বিজেপিৰ দলীয় সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। বিজনীস্থিত চিৰাং জিলা বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাৰে মত বিনিময় কৰে ৰাজ্যিক সভাপতিজনে। লগত বিজনীৰ বিধায়ক অজয় ৰায়, জিলা প্ৰভাৰী মঞ্জিত কলিতা, বিটিআৰৰ উপাধ্যক্ষ অবিৰাম মহানায়ক, বিটিআৰৰ পাৰিষদ প্ৰভাত বসুমতাৰী, প্ৰদিপ বায়ন আৰু জিলা সভাপতিয়ে জিলাখনৰ জিলা বিজেপি আৰু মণ্ডল বিজেপি কৰ্মকৰ্তাৰে মত-বিনিময় কৰে। সংবাদ মাধ্যমৰ বাৰ্তালাপত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় বিটিচিত ইউপিপিএলৰে মিত্ৰতা বাহাল থাকিব বুলি। হাগ্ৰামা মহিলাৰী সন্দৰ্ভত মন্তব্য দিয়াৰ লগতে বটদ্ৰবা সন্দৰ্ভতো মন্তব্য দিয়ে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।