শ্বহীদ নিৰজ ছেত্ৰীৰ বাসগৃত উপস্থিত ৰিপুন বৰা আৰু অগপৰ উপসভাপতি

 06/09/2019 - 18:58

গহপুৰঃ ঝাৰখণ্ডৰ ডুমকাত মাওবাদীৰে হোৱা সংৰ্ঘষত শ্বহীদ হোৱা গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অৰ্ন্তগত গহপুৰ কাৰিবিল নেপালীৰ টিকাবাহাদুৰ ছেত্ৰীৰ পুত্ৰ শ্বহীদ নিৰজ চেত্ৰীৰ ঘৰত আজি পৃথকে পৃথকে আহি উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আৰু অসম গণ পৰিষদৰ উপসভাপতি প্ৰবীন হাজৰিকা।

দিনৰ ১১:৩০ বজাত শ্বহীদগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৰিপুন বৰাই শোকাকুল পৰিয়ালটিৰ লগত দুখৰ সমভাগী হৈ শ্বহীদ নিৰজ চেত্ৰীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণৰ লগতে এগছি বন্তি প্ৰজ্জলন কৰে৷ লগতে এটি শোক প্ৰস্তাৱ ৰিপুন বৰাই বীৰ শ্বহীদ নিৰজৰ পিতৃৰ হাতত অৰ্পণ কৰে।

গহপুৰৰ এগৰাকী সু-সন্তান তথা এছএছবি জোৱান নিৰজ চেত্ৰীয়ে মাওবাদীৰ আক্ৰমনত প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰি ৰিপুন বৰাই কয় যে এনে সন্ত্ৰাসবাদী সংগঠন সমূহক চৰকাৰে কঠোৰ হাতেৰে দমন কৰি নি:শেষ কৰি পেলাব আৰু গহপুৰৰ সন্তান নিৰজ চেত্ৰী গহপুৰ তথা সমগ্ৰ অসমৰ জনসাধাৰনৰ মাজত সদায় চিৰস্মৰণীয় হৈ ৰ'ব, অমৰ হৈ ৰ'ব আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু ভৱিষ্যতলৈও কৰিব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰিপুন বৰাই সকলো লোককে মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনায়।

আনহাতে অসম গণ পৰিষদৰ উপসভাপতি প্ৰবীন হাজৰিকায়ো শ্বহীদগৰাকীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জলন কৰি মৃত আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালৰ লোকলৈ সমবেদনা জ্ঞাপন কৰে৷ লগতে এনে ধৰণৰ সন্ত্ৰাসবাদী সংগঠনসমূহক নি:শেষ কৰি সকলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।