05/26/2022 - 18:30
in
গহপুৰঃ চাহ-বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ বাবে স্থাপন কৰা চাহ-বাগিছাৰ আদৰ্শ হাইস্কুল সমূহ ৩ দিনৰ ভিতৰত ৰাজ্যৰ ৯৬ খনকৈ মডেল স্কুল শুভাৰম্ভ কৰা হয়। এই উদ্দেশ্যে গহপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত হেলেমৰ হেলেম চাহ-বাগিছা আদৰ্শ হাইস্কুল আৰু ব্ৰক্ষ্মাজান চাহ-বাগিছা আদৰ্শ হাইস্কুল আজি মডেল স্কুল হিচাপে শুভাৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকাই।
উক্ত কাৰ্য্যসূচীত মন্ত্ৰী গৰাকীয়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰাৰ উপৰিও চাহ জনজাতি সকলৰ ঝুমুৰ দলৰ সৈতে থেস্কা (খৰতাল) বজোৱা পৰিলক্ষিত হ’ল মন্ত্ৰী গৰাকীক। পিয়ুষ হাজৰিকাৰ এই কাৰ্যসূচীত সহযোগ কৰে গহপুৰৰ বিধায়ক উৎপল বৰা আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে।