05/28/2022 - 14:21
in
কামপুৰঃ কামপুৰৰ বান পৰিস্থিতি ওপৰে ওপৰে পৰ্যবেক্ষণ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ দলে৷ ক্ষোভিত একাংশ বন্যাৰ্তই ৰাজপথত আবদ্ধ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধি দলটোক৷ বানত অধিক ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ নকৰাৰ গুৰুতৰ অভিযোগ৷ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধেও ক্ষোভ বানাক্ৰান্ত ৰাইজৰ৷ বন্যাৰ্তই মাত্ৰ এদিনৰ বাবেহে লাভ কৰিলে চৰকাৰে যোগান ধৰা খাদ্য-সামগ্ৰী৷ সাহাৰ্য বিতৰণত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ বানাক্ৰান্তৰ৷