মৈৰাবাৰীত নাৰী সচেতনৰ উদ্দেশ্যি সজাগতা সভা

 05/28/2022 - 18:47

 

মৈৰাবাৰীঃ আজি মৈৰাবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত Instructional Values & Best Practice Cell (IQAC)'ৰ দ্বাৰা আয়োজিত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।

 

মহিলা তথা স্কুল-কলেজীয়া ছাত্ৰীসকলক ঋতুস্ৰাৱৰ পৰা হোৱা নানান বেমাৰ সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্যি আয়োজন কৰা হয় এই সজাগতা সভাখন।

 

 

মৈৰাবাৰী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ড° ৰেহেনা আহমেদৰ তত্বাৱধানত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী হাস্পতালৰ চিকিৎসক ড° স্বামীমা আলম।

 

প্ৰায় দুই ঘণ্টা যোৰা সজাগতামূলক অনুষ্ঠানটোত মহিলা সকলক- ঋতুস্ৰাৱৰ পৰা হ’ব পৰা বিভিন্ন বেমাৰৰ বাবে প্ৰয়োজনীয় পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কে আলোচনা কৰা হয়।

 

আগন্তুক দিনত মহিলা সকলক লৈ এনে সজাগতা সভা অনুষ্ঠিত কৰি মহিলা সকলৰ মাজত সজাগতা আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আমন্ত্ৰিত চিকিৎসক গৰাকীয়ে উল্লেখ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।