মানকাচৰত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু শংকৰী কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী উদযাপন

 05/29/2022 - 14:10
 
 
মানকাচৰঃ মানকাচৰত তিনিদিনীয়া কাৰ্যসূচীৰে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু শংকৰী কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী উদযাপনৰ আজি অন্তিম দিনত বৰ্ণাঢ্য সাংস্কৃতিক সোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে। ৰাতিপুৱা ১১ বজাত সাংস্কৃতিক সোভাযাত্ৰা কাৰ্যসূচীত ভকত সকলোৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
 
 
লগতে মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, অসম সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমৰ অধ্যক্ষ তথা মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাৱেদ ইছলাম। মানকাচৰৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু শংকৰী কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ পৰা মিঞাপাৰাহৈ বিভিন্ন জাতি জনগোষ্টিৰ লোক সকলে বিভিন্ন নৃত্য-গীত প্ৰদৰ্শন কৰি JM HS School ৰ খেলপথাৰত উপস্থিত হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।