ওৰাঙত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান

 06/09/2019 - 20:18

ওৰাংঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা ওৰাং উপ শাখা সমিতিৰ উদ্যোগত দেওবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়৷ ওৰাং সামূহিক প্ৰেক্ষাগৃহত এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ অভিনন্দন অনুষ্ঠানত ৪৫ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।

উক্ত সভাখনত কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ড৹ হোমেন বৰুৱাই শিক্ষা সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ আনহাতে চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগাবলৈ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ওৰাং অঞ্চলটোৰ ভিতৰতে আটাইতকৈ বেছি নম্বৰ লাভ কৰা চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক ৫০০০ হাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ প্ৰবক্তা ড৹ হোমেন বৰুৱা আৰু শিক্ষক জয়নাৰাণয়ন মাহাতুৱে।

অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আটছাৰ প্ৰাক্তন উপদেষ্টা ৰাজেন ৰহি দাস, আটছাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কৈলাশ গৌড়, শিক্ষক জয়ধন মাহাতু, শিক্ষক জয়নাৰায়ণ মাহাতু, হেমন্ত মাহাতু, ওৰাং আৰক্ষী থানাৰ আৰক্ষী বিষয়া গগণ চন্দ্ৰ ডেকা, বিশিষ্ট সাংবাদিক তৰুণ ডেকা, ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি পৰিচালক পংকজ সভাপণ্ডিত, কংগ্ৰেছ নেতা নৱজ্যোতি কুৰ্মীৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

সভাখনৰ সভাপতিত্ব কৰে আটছাৰ ওৰাং উপ শাখাৰ সভাপতি দিলীপ মাহাতুয়ে। অনুষ্ঠানত আঁত ধৰে আটছাৰ ওৰাং উপ শাখাৰ সম্পাদক দেৱহৰি মাহাতুৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।