05/29/2022 - 18:18
in
মানকাচৰঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ একমাত্ৰ "জগত গুৰু শঙ্কৰদেৱ নামঘৰ আৰু শঙ্কৰী কলা সংস্কৃতি বিকাশ কেন্দ্ৰ'ই গৌৰৱোজ্জল ২৫ টা বৰ্ষ অতিক্ৰম কৰা উপলক্ষে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰে৷ আজি নামঘৰৰ ৰূপালী জয়ন্তী উৎসৱৰ অন্তিম দিন৷
মানকাচৰ নাঘৰৰ ৰূপালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু তেওঁৰ সহধৰ্মিনী৷ আজি মন্ত্ৰী গৰাকী গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে মানকাচৰৰ কামাখ্যাবাৰী হেলিপেডত অবতৰণ কৰে আৰু পোনে পোনে মন্ত্ৰী গৰাকীক জিলা উপায়ুক্তই পৰা মানকাচৰ জগত গুৰু শঙ্কৰদেৱ নামঘৰলৈ লৈ যায়। প্ৰতিকুল বতৰ নেওচি মন্ত্ৰী গৰাকীয়ে নাঘৰত উপস্থিত হৈ সেৱা আগবঢ়ায়৷
পিছত নামঘৰত অনুষ্ঠিত হোৱা এখন মুকলি সভাত অংশগ্ৰহণ কৰে৷ মুকলি সভাখনৰ সভাপতিত্ব কৰে ভৱানী প্ৰসাদ অধিকাৰী। মুকলি সভাত উপস্থিত থাকে মানকাচৰৰ বিধায়ক আমিনুল, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম জিলা উপায়ুক্ত পল্লবী সৰকাৰ আৰু সহস্ৰাধিক স্থানীয় ৰাইজ৷ মুকলি সভাত শঙ্কৰজ্যোতি নামৰ এখন গ্ৰন্থ উন্মোচন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷
মুকলি সভাৰ শেষত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ উল্লেখ্য যে, অক্ষয় কুমাৰ ডেকা নামৰ লোক জনে ১৯৯৬ চনত চাকৰিসুত্ৰে মানকাচৰলৈ আহি ইছলাম ধৰ্মীয় লোকৰ সহায়-সহযোগিতা আৰু দান-বৰঙণিৰে ১৯৯৭ চনত প্ৰতিষ্ঠা কৰিছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু শংকৰু কলা সংস্কৃতি বিকাশ কেন্দ্ৰটো৷