লুৰিণজ্যোতি মই সদায় ৰাম-লক্ষ্মণ হৈ থাকিম -চিত্ৰৰঞ্জন বসুমতাৰী

 05/29/2022 - 19:26
 
 
 
 
নিউজ ডেস্কঃ দেওবাৰে পুনৰ দলীয় নেতৃত্বৰ সৈতে আলোচনাত বহিবলৈ চিত্ৰৰঞ্জন বসুমতাৰী উপস্থিত হয় দলীয় কাৰ্যালয়ত। আলোচনাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত বসুমতাৰীয়ে কয়- ‘দলত বহু বিশৃংখলতা আছে’। সেইখিনিৰ ক্ষেত্ৰত দলে নতুনকৈ চিন্তা কৰিলে জাতীয়তাবাদ আৰু শক্তিশালী হব।
 
 
লুৰীণজ্যোতি গগৈৰ প্ৰসংগত কথা কবলৈ গৈ আৱেগিক হৈ পৰে চিত্ৰৰঞ্জন। তেওঁ কয়- ‘লুৰিণজ্যোতি-মই ৰাম-লক্ষ্মণ হৈ সদায় থাকিম। মোৰ জাতীয়তাবাদ সদায় আছে, থাকিবও। মই কোনো বেলেগ দলৰ কথা ভবা নাই। মই এতিয়া ৰাজনীতিত থাকিব বিচৰা নাই।ৰাইজৰ লগত থাকি মই কাম কৰি যাম। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।