05/30/2022 - 13:38
in
লখিমপুৰঃ লখিমপুৰ জিলাৰ জৰাজীৰ্ণ বাট-পথ মেৰামতি ও পুনৰ নিৰ্মাণ, বানপানী ক্ষতিগ্ৰস্ত লোকসকলৰ উপযুক্ত ক্ষতিপূৰণৰ শৈক্ষিক উন্নয়ন ৰ স্বাৰ্থত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তিৰ দাবীত আমছুৰ প্ৰতিবাদ। অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হয় মূল্যবৃদ্ধি ৰোধ কৰক, সংখ্যালঘূ নামত প্ৰতাৰণা নচলিব আদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে।
সবকা সাথ সবকা বিকাশৰ কথা কোৱা চৰকাৰখনে সংখ্যালঘূক সৰ্বতে প্ৰতাৰণা কৰি আহিছে বুলি দাবী উত্থাপন কৰে আমছুয়ে। ৰাজ্যিক পথ অৱৰোধ কৰাৰ পাছতো যদি চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অনাগত দিনত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে।