নিউজ ডেস্কঃ অসমৰ বাও ধান বিশ্বৰ বজাৰলৈ। যিটো সময়ত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অসমলৈ খোৱা সামগ্ৰী পৰা ধৰি সকলো ধৰণৰ বয় বস্তু আহি,আমি চলি থাকো। তেনে এক প্ৰেক্ষাপটত লখিমপুৰ আৰু ধেমাজি জিলাৰ কৃষি বিভাগৰ উদ্যোগত তথা লখিমপুৰ আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে অসমৰ বাও ধানক হাৰিয়ানালৈ পঠাই।
অসমৰ বাও ধানৰ গুনাগুন তথা বাও ধানৰ খেতিৰ জৰিয়তে যে এক সৱল ব্যৱসায় কৰিব পাৰি সেয়া যোৱা ইং 27/04/2022 তাৰিখে কৃষিবিভাগৰ বিষয়া ক্ৰমে গৌতম গোস্বামীৰ তত্তাৱধানত, নিখিল গগৈ আৰু মনুজ পাংগিংয়ে ৩০ হাজাৰ কেজি বাও ধান পঠিয়াই। উল্লেখযোগ্য যে অসমৰ বাও ধানে যে বিশ্বৰ বজাৰত ব্যৱসায়ীকভাৱে বিশেষ স্থান আছে সেয়া দেখুৱাই দিলে। লগতে তেওঁলোক কয় যে, অসমৰ নিবনুৱা যুৱক-যুৱতীসকলক বাও ধানৰ খেতি কৰিবলৈও আহ্বান জনোৱাৰ লগতে অসমৰ কৃষিক বিশ্বৰ বজাৰলৈ নিবলৈ এইয়া এক প্ৰয়াস। তাৰ লগতে, অনাগত সময়ত আৰু অধিক পৰিমানৰ ধান ৰপ্তানি কৰিব বুলি জনায়।