05/30/2022 - 18:06
in
নিউজ ডেস্কঃ আজি ঘোষণা হয় কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল। ২০২১বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হৈছে অসমৰ দুগৰাকী কৃতি শিক্ষাৰ্থীয়ে। অসমৰ পৰা স্থান লাভ কৰা এই দুগৰাকী শিক্ষাৰ্থী হৈছে গুৱাহাটীৰ শিল্পা খনিকৰ আৰু দেৱজ্যোতি বৰ্মন।গুৱাহাটীৰ শিল্পা খনিকৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৫০৬সংখ্যক স্থান আৰু দেৱজ্যোতি বৰ্মনে ৬৩৯সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখনীয় কথাটো হৈছে, ২০২১বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম ৪টা স্থান দখল কৰিছে ছাত্ৰীয়ে।