ৰঙিয়াঃ ৰঙিয়াৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অভাবত চৰকাৰী নিয়মমতে আন এখন বিদ্যালয়ৰ লগত চামিলকৰন কৰিছিল। বিদ্যালয়খন চামিলকৰণ কৰাৰ পিচত এটা ৰাজনৈতিক লবীয়ে বিদ্যালয়খন পুণৰ পৃথকীকৰণ কৰাৰ বাবে নানাধৰণৰ কৌশল অৱলম্বন কৰিছিল।
যাৰফলত ৰাজনৈতিক হেঁচাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে পুণৰ বিদ্যালয়খন পৃথকৰণ কৰি পুৰ্বৰ দৰে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰি চৰকাৰৰ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই। উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থকা বিদ্যালয়সমূহক কাষৰ বিদ্যালয়ৰ সৈতে চামিলকৰন কৰি এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।
এইমৰ্মে প্ৰথম পৰ্যায়ত যোৱা ৭ এপ্ৰিলত ৰাজ্যখনৰ অন্যান্য জিলা সমূহৰ লগতে কামৰূপ জিলাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থকা ৩০ খন হাইস্কুল কাষৰ বিদ্যালয়ৰ সৈতে চামিলকৰনৰ নিৰ্দেশ জাৰি কৰা হয়৷ এই নিৰ্দেশ অনুসৰি ৰঙিয়া ৰে’লৱে হাইস্কুলখন কাষৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ সৈতে চামিলকৰন কৰা হয়৷ বিগত কিছু বছৰৰ পৰা ৰঙিয়া ৰেলৱে হাইস্কুলত অস্বাভাৱিকভাৱে ছাত্ৰছাত্ৰীৰ সংখ্যা কমি গৈ চলিত বৰ্ষত মাত্ৰ ৬২ জন হৈছিলগৈ৷ এনে পৰিপ্ৰেক্ষিততে শিক্ষা বিভাগে বিদ্যালয়খন কাষৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ সৈতে চামিলকৰনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
যাৰ ফলত শিক্ষা বিভাগে ৰঙিয়া ৰে’লৱে হাইস্কুলখন কাষৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ সৈতে চামিলকৰনৰ নিৰ্দেশ কাৰ্যকৰী কৰে। ইয়াৰ পিচতে এজন ৰাজনৈতিক নেতাৰ নেতৃত্বত একাংশ ব্যক্তিয়ে আৰম্ভ কৰিছিল প্ৰতিবাদ। বিদ্যালয়খন চামিলকৰণ হোৱাৰ পিচতে শাসকীয় দলৰ নেতাগৰাকীয়ে ভোটৰ অংকত খেলিমেলি হব বুলি অবগ কৰে স্থানীয় বিধায়ক গৰাকীক।
সকলো বিষয় হিচাপ নিকাচ কৰি আনকি শাসকীয় বিধায়ক গৰাকীয়ে চামিলকৰণ বিৰোধিতা কৰা ব্যক্তি সকলক এক প্ৰকাৰ সমৰ্থন জনাই। শাসকীয় পক্ষৰ পৰা শিক্ষা বিভাগক পুৰ্ণ হেঁচা প্ৰয়োগ কৰাত শিক্ষা বিভাগৰ ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ প্ৰতিশ্ৰুতি জলাঞ্জলী দি পুণৰ বিদ্যালয়খন পৃথকীকৰণ কৰাৰ সিদ্ধান্ত নিশ্চিত কৰিছে।
পুৰ্বতে ৰঙিয়া বেঙ্গলী মিডিয়ামৰ ৰেলুৱৈ হাইস্কুলখনত মাত্ৰ ৬২ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰিতে শিক্ষক-শিক্ষয়ত্ৰী আছিল ১৮ গৰাকী। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ এনে গাঠনিৰ বাবে বিদ্যালয়খন ওচৰৰে আৰমত্ত বিদ্যাপীঠৰ লগত চামিলকৰণ কৰিছিল।
যাৰ ফলত ৰেলুৱৈ হাইস্কুলখনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সংখ্যা শুন্য হৈ পৰিছিল।
ইফালে শিক্ষাবিভাগে বিদ্যালয়খন পুণৰ পৃথকীকৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধীতা কৰি অহাকাইলৈ ক’লা বেজ পৰিধান কৰি শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।