ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল

 03/14/2019 - 17:44

গুৱাহাটীঃ মিত্ৰতা সন্দৰ্ভত অসম গণ পৰিষদ দলক কঠোৰ সমালোচনা কৰাৰ লগতে অসমৰ বুৰঞ্জীত এনে সুবিধাবাদীৰ দল বিৰল বুলিও কটাক্ষ কৰে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ক্ষমতা আৰু ধনৰ বাবেই দলৰ আদৰ্শ ত্যাগ কৰি অগপৰ তিনি মন্ত্ৰীৰ পুনৰ মন্ত্ৰীত্ব পদ গ্ৰহণ কৰা বুলি গগৈয়ে ব্যক্ত কৰি অগপৰ তিনি মন্ত্ৰীয়ে বদনকো চেৰ পেলালে বুলি কয়।

বিজেপি দলকো সমালোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি প্ৰতাৰকৰ দল। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত ছিণ্ডিকেটৰাজৰ নেতৃত্ব দি আছে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সহযোগিতা কৰি আছে। তেওঁ লগতে কয় যে ভাৰতবৰ্ষত এতিয়া মোডীৰ জনপ্ৰিয়তা কমিছে আৰু ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বহুত বাঢ়িছে।

যোৱা নিৰ্বাচনত মোডীয়ে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবোৰ কাৰ্য্যত ৰূপায়ণ কৰিব নোৱাৰিলে সেয়ে মোডীয়ে এতিয়া অচ্ছে দিনৰ কথা নকয়, পোন্ধৰ লাখৰ কথাও নকয়। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰএছএছে অগপ ধ্বংসযজ্ঞত নামিছে বুলিও মন্তব্য কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।