জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত দুখনকৈ গ্ৰন্থৰ আৰু গ্ৰীণ টিৰ পেকেটৰ শুভ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ

 06/02/2022 - 13:15

 

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত বুধবাৰে আয়োজিত এক অনুষ্ঠানৰ মুখ্য অতিথি হিচাবে অংগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই দুখনকৈ গ্ৰন্থৰ লগতে গ্ৰীণ টিৰ পেকেটৰ শুভ উন্মোচন কৰে। মহাবিদ্যালয় খনিৰ ভূমিত জৈৱিক পদ্ধতিৰে কৰা চাহ খেতিৰ পৰা উৎপাদিত চাহক গ্ৰীণ টি হিচাপে প্ৰস্তুত কৰি পেকেটিং কৰাই বজাৰলৈ মুকলি কৰি দিয়াৰ এক অভিনৱ প্ৰয়াস বুলি উল্লেখ কৰি বিধায়ক পদ্ম হাজৰিকাই উন্মোচনী ভাষন প্ৰসংগত কয় যে - "আমাৰ যুৱক-যুৱতীসকলে বহি: ৰাজ্যলৈ গৈ চাকৰি মূখী নহৈ কৃষি-কৰ্মৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ সৃষ্টি কৰিব লাগিব।

 

 

তেতিয়াহে অসম গৌৰৱ চাহৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰত জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ লগতে বিশেষ সমাদৰ লাভ কৰিব।" মহাবিদ্যালয়খনৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ জৰিয়তে যি গ্ৰীণ টিৰ পেকেট আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰিলে, সেয়া সকলোৱে নিশ্চয়কৈ আদৰি লব বুলিও আশা প্ৰকাশ কৰে বিধায়ক পদ্ম হাজৰিকাই। লগতে মহাবিদ্যালয় খনিৰ অধ্যক্ষ অজিত হাজৰিকাৰ বিশেষ প্ৰচেষ্টা আৰু ড°ৰাশ্না ৰাজখোৱাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা দুখনকৈ গ্ৰন্হৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।