আজি বিশ্ব বাইচাইকেল দিৱস

 06/03/2022 - 14:12
 
 
নিউজ ডেস্কঃ চাইকেল অথবা বাইচাইকেল অথবা বাইক হৈছে মানুহৰ দ্বাৰা চালিত নাইবা মটৰচালিত, পেডেল-নিয়ন্ত্ৰিত বাহন। ইয়াৰ ফ্ৰেমৰ লগত দুটা চকা অগা-পিছাকৈ সংযুক্ত হৈ আছে। চাইকেল শব্দটো হৈছে বাই-চাইকেল শব্দৰ চুটি ৰূপ। দুটা মাত্ৰ চকা—এটা আগত,এটা পিছত,চলোৱা হয় ভৰিৰে পেডেল মাৰি– গতিকে বাই-চাইকেল।
 
 
এই ‘বাই-চাইকেল’ শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল ১৮৬৮ চনৰ ডা ডেইলী নিউজ নামৰ কাকতত। এই শব্দটোৰ প্ৰথম ফৰাচী ভাষাৰ ৰূপ বাইচাইক্লেট অৱশ্যে ইয়াৰ আগতেই ১৮৪৭ চনত ব্যৱহাৰ হৈছিল। ১৯ শতিকাত ইউৰোপৰ ফালে পোনপ্ৰথমবাৰৰ বাবে চাইকেল দেখিবলৈ পোৱা গৈছিল; আৰু ২১ শতিকাৰ প্ৰাৰম্ভত ১০০ কোটিতকৈও অধিক চাইকেল দৃশ্যমান হ'ল।
 
 
পৃথিৱীৰ বহু ঠাইতেই চাইকেল হৈছে যাতায়াতৰ অন্যতম মাধ্যম। চাইকেলক আমোদ-প্ৰমোদ, অথবা শিশুৰ খেলনা-সামগ্ৰী, শাৰীৰিক ব্যায়াম, সামৰিক সেৱাত, কুৰিয়াৰ সেৱা, চাইকেল-চালনা প্ৰতিযোগিতা আৰু চাইকেলৰ দুঃসাহসিক ক্ৰীড়াতো ব্যৱহাৰ কৰা হয়। আৰু আজি চাইকেলখনক কেন্দ্ৰ কৰিয়েই পালন কৰা হয় বিশ্ব বাইচাইকেল দিৱস৷ ২০১৮ চনৰ ৩জুনৰ দিনটোতেই ৰাষ্ট্ৰসংঘই বিশ্ব বাইচাইকেল দিৱস পতাৰ কখা ঘোষণা কৰিছিল।
 
 
ৰাষ্ট্ৰসংঘৰ এই সিদ্ধান্তই সকলোকে আনন্দিত কৰিছিল। লগতে প্ৰায় দুই শতককাল চাইকেলৰ সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্যতা, পৰিৱেশ প্ৰদূষণৰ মাত্ৰা হ্ৰাস হোৱাৰ উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ প্ৰসংগ উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।