06/03/2022 - 19:23
in
লংকাঃ হোজাই জিলাৰ লংকাস্থিত কৃষ্ণ বৰা বি.এড. কলেজৰ ২০২১-২২ বৰ্ষৰ বি.এড. দ্বিতীয় বাৰ্ষিকৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা ‘নাৰী সবলীকৰণ আৰু লিংগ বৈষম্য’ মূল বিষয় হিচাপে লৈ এলানি সজাগতা অনুষ্ঠানৰ আয়োজন কৰি থকা হৈছে৷ তাৰে অংশ হিচাপে ৩০ মে’, ২০২২ সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে লংকাস্থিত পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘বাল্য বিবাহঃ নাৰী সবলীকৰণৰ অন্যতম অন্তৰায়’ শীৰ্ষক বিষয়ত এক সজাগতা অনুষ্ঠান আৰু আলোচনাচক্ৰ আয়োজন কৰা হয়৷
লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়, লংকা হাইস্কুল, পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নেতাজী বিদ্যানিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণৰত কৃষ্ণ বৰা বি.এড. কলেজৰ বি.এড. দ্বিতীয় বৰ্ষৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা আয়োজন কৰা এই সজাগতা অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়৷ কৃষ্ণ বৰা বি.এড. কলেজৰ বি.এড. দ্বিতীয় বৰ্ষৰ শিক্ষক প্ৰশিক্ষাৰ্থী সমীৰ ভূষণ বৰাই সামগ্ৰিকভাৱে আঁত ধৰা অনুষ্ঠানৰ আলোচনাচক্ৰৰ সভাপতিত্ব কৰে পৰশুৰাম মজুমদাৰ উচ্ছ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী সজন্ত ছন্দই৷
“বাল্যবিবাহঃ নাৰী সৱলীকৰণৰ অন্যতম অন্তৰায়” শীৰ্ষক আলোচনাচক্ৰত মূল বিষয়ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষ্ণ বৰা বি.এড. কলেজৰ অধ্যক্ষ ড০ মুস্তাফিজুৰ ৰহমান, হোজাই জিলাৰ নাৰী সুৰক্ষা সমিতিৰ সভানেত্ৰী শ্ৰীযুতা অনু ৰেজাল৷ লংকা পৌৰ সভাৰ পৌৰনেত্ৰী শ্ৰীযুতা পাৰমিতা ৰয় সাহা মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল লংকা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ অনুৰাধা চৌধৰী, পাব্লিক উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত বিমলচন্দ্ৰ পণ্ডিত, নেতাজী বিদ্যানিকেতন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুতা মমিতা দে’৷ ‘
লংকাৰ আশে-পাশে থকা গ্ৰাম্যাঞ্চলসমূহত বৰ্তমানেও বাল্য বিবাহে নাৰীৰ উত্তৰণ আৰু সৱলীকৰণত বাধা হিচাপে থিয় দি আছে৷ অতি প্ৰাসংগিক হিচাপে বিবেচিত এই সমস্যাৰ সমাধানৰ বাটে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এনে সজাগতা অনুষ্ঠানৰ অতি প্ৰয়োজন৷ আমাৰ দায়িত্ব আমি কন্যা সন্তানৰ অভিভাৱক, বিশেষকৈ মাতৃসকলক এই ক্ষেত্ৰত সজা-সচেতন কৰি তুলিব লাগিব৷”- এই মন্তব্য সমল ব্যক্তি হিচাপে উপস্থিত থকা কৃষ্ণ বৰা বি.এড. কলেজৰ অধ্যক্ষ ড০ মুস্তাফিজুৰ ৰহমানৰ৷ প্ৰায় শতাধিক অভিভাৱক মাতৃ আৰু দ্বি-শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ শেষত কৃষ্ণ বৰা বি.এড. কলেজৰ শিক্ষক প্ৰশিক্ষাৰ্থী জুৰি কাগয়ুঙে শলাগৰ শৰাই আগবঢ়াই৷