নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিলে কণ্ঠশিল্পী সুজিত তচাই

 06/04/2022 - 15:22

 

 

জামুগুৰিহাটঃ জামুগুৰিহাটৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সুজিত তচাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ পৰিৱেশন কৰা গীতৰ এলবামটো স্বয়ং মুখ্যমন্ত্ৰীয়ে মুকলি কৰাৰ পিছত বিশেষ চৰ্চালৈ অহা কণ্ঠশিল্পীগৰাকীয়ে আজি পুৱাই নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক কিছু খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভৱতাৰ পৰিচয় দিলে। যি সময়ত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু খাদ্যৰ সংকটত পৰি বহু সমস্যাত পৰিছে তেনে সময়তে জামুগুৰিহাটৰ বিশেষ চৰ্চা লাভ কৰা এইগৰাকী কণ্ঠশিল্পীক মহান কৰ্মৰ সযোগিতা আগবঢ়ায় দুগৰাকী যুৱ সাংবাদিক চন্দন শৰ্মা আৰু প্ৰেম তেৱাৰীয়ে৷

 

আজি পুৱা নামেৰী ৰাষ্ট্ৰীয় উদ্যানত থকা কঁপিকুলসকলৰ বাবে কিছু কম পৰিমানে হলেও কল, লেচু, তৰমুজ, ব্ৰেড, তিহু আদিৰে খাদ্য-সামগ্ৰী নিজ হাতেৰে খুৱাই কঁপিকুলসকলক কিছু সকাহ দিয়াৰ এক ক্ষুদ্ৰ প্ৰয়াস হাতত লোৱা দেখা গ'ল তিনিওকে। কণ্ঠশিল্পী চুজিত তচাই শোণিতপুৰ বাসী তথা সমুহ অসমবাসী ৰাইজক কঁপিকুল তথা জীৱ-জন্তুৰ মাজত এনেদৰে কিছু পৰিমানে খাদ্য-সামগ্ৰী যোগান ধৰি কিছু সকাঁহ দিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে। 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।