টুকটুকীঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা আৰু গাঁওৰক্ষী সংগঠনৰ উদ্যোগত ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত অনুষ্ঠিত হয়৷ বটদ্ৰৱা গাঁওৰক্ষী বাহিনীৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাই কয় যে "জীৱনৰ প্ৰতিযোগিতাত উত্তীৰ্ণ হবলৈ ছাত্ৰ-ছাত্ৰীসকলে নিজকে যোগ্য হিচাপে গঢ়ি তুলিব লাগিব।"
সভাত বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচন, ষ্টাৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক গামোচা, অভিনন্দন পত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
বটদ্ৰৱা গাঁওৰক্ষী বাহিনীৰ উপসভাপতি মোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰ, বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ সভানেত্রী নমিতা হাজৰিকা বৰা, ধনীয়াভেটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিকুল ইছলাম, গাঁওৰক্ষী বাহিনীৰ নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত উপদেষ্টা তৰুন নমানি ৰাজ, চক্ৰ সংগঠক বিশ্বজিৎ নাথ, সমাজকৰ্মী বেনুধৰ বৰুৱা, সুনিল বৰুৱা, পংকজ কলিতা, ৰফিকুল ইছলামকে প্ৰমুখ্য কৰি প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।