06/10/2019 - 12:02
in
ডিজিটেল ডেস্কঃ ৰাজপথত চিনেমাৰ দৰে ষ্টাণ্ট কৰি ৰঙাঘৰৰ আলহী হৈছে তিনিজন যুৱক।যোৱা নিশা পথত এখন ব্যক্তিগত বাহনেৰে ষ্টান্ট কৰি আছিল যুৱক কেইজনে। এই ঘটনা সংঘটিত হয় মুম্বাই কাৰ্টাৰ ৰোডত। ষ্টান্ট কৰি থকা সমগ্ৰ ঘটনা আন এখন বাহনে পিছফালৰ পৰা ম’বাইলৰ কেমেৰাত বন্দী কৰে।
বাহনখনৰ পাছৰ খিৰিকী দুখনৰ পৰা বাহিৰলৈ ওলাই ষ্টান্ট কৰে তেওঁলোকে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰুজু কৰিছে গোচৰ। আৰু বাহনখনত থকা আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰিছে। বাস্তৱ জীৱন চিনেমাৰ দৰে নহয়, গতিকে কিবা এটা কৰাৰ আগত হাজাৰবাৰ ভাবক...।