বৰপেটাঃ সাম্প্ৰতিক সময়ত চিকিৎসাজনিত ব্যয় বহন কৰাতো সাধাৰণ লোকৰ বাবে অতিকে কষ্টসাধ্য হৈ পৰিছে৷
মানুহৰ শৰীৰত যিদৰে ৰোগৰ মাত্ৰা বৃদ্ধি পাইছে তেনেদৰে চিকিৎসাৰ নামতো সৰ্বস্বান্ত হবলগীয়া হৈছে ৰোগীৰ লগতে ৰোগীৰ পৰিয়াল৷
সেয়ে দুখীয়া ৰোগীসকলৰ কথা ভাবি আজি বৰপেটাৰ লাইফ কেয়াৰ লেৱৰেটৰীয়ে আৰম্ভ কৰিছে ফ্ৰি ৰক্ত পৰীক্ষা শিবিৰ৷
বৰপেটাৰ সমাজসেৱক মুকুটৰঞ্জন দাসৰ তত্বাৱধানত লুপিন ডায়গ্ন'ষ্টিক চেন্টাৰৰ জৰিয়তে দেওবাৰে বৰপেটাৰ লাইফ কেয়াৰ লেৱৰেটৰীত ফ্ৰি ৰক্ত পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়৷
মুকুটৰঞ্জন দাসে জনোৱামতে, Lupin Diagnostics ৰ জৰিয়তে প্ৰত্যেক সপ্তাহৰ এদিন ফ্ৰি ৰক্ত পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হব৷
আনহাতে ৰোগীৰ প্ৰতি সেৱাৰ মনোভাৱেৰে আন কেতবোৰ পৰীক্ষাৰ ক্ষেত্ৰতো ৬০ ৰ পৰা ৭০ শতাংশ ধন ৰেহাই দিয়া হব বুলিও প্ৰকাশ কৰিছে৷
ইচ্ছুক ব্যক্তিসকলে এইক্ষেত্ৰত বৰপেটাৰ লাইফ কেয়াৰ লেৱৰেটৰীৰ সৈতে যোগাযোগ কৰি ফ্ৰী টেষ্ট কৰিব পাৰিব।