অভয়াপুৰীঃ আজি বিশ্ব পৰিৱেশ দিৱস। ৫ জুন তাৰিখে প্রতিবছৰে সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। এই দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুন তাৰিখে। উক্ত দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও মৃত্যুঞ্জয় ১০৮ অভয়াপুৰীৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰাৰ লগতে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা পৰিলক্ষিত হৈছে। উক্ত কাৰ্য্যসূচীত মৃত্যুঞ্জয় ১০৮ সেৱাৰ কৰ্মচাৰী আৰু সম্বনয়ক মিজানুৰ আহামেদ উপস্থিত থাকে। উক্ত গছপুলি বিতৰণ আৰু ৰোপণ কৰিব পাই নথৈ আনন্দিত হৈ পৰিছে জিলা সম্বনয়ক গৰাকী, প্ৰতিজন ৰাজ্যৰ ব্যক্তিয়ে অন্ততঃ এটাকৈ গছপুলি ৰোপণ কৰি এই পৃথিৱী খনক সেউজীয়া কৰাত সহায় কৰিবৰ বাবে আহ্বান জনায় মৃত্যুঞ্জয় ১০৮ সেৱাৰ সম্বনয়ক মিজানুৰ আহামেদে।