বাহাৰঘাটঃ কামৰূপৰ পশ্চিম বড়িগোগ মৌজাটো উদযাপন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস। মৌজাখনৰ কেইবাঠাইতো অন্বেষণ এন জি অ উদ্যোগত পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰোপণ কৰা হ'ল বিভিন্ন প্ৰজাতিৰ গছপুলি। গছপুলি ৰোপণ কাৰ্য্যসূচী মৌজাখনৰ অন্তৰ্গত দৌলপুখুৰীপাৰ হাইস্কুল চৌহদত উদ্বোধন কৰে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাই৷
ইয়াৰ পিচতে কঞাঁ আৰক্ষী থানা চৌহদত গছপুলি ৰোপন কাৰ্য্যসূচীত কঞাঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰবোধ কোঁৱৰ, ধুহি পঞ্চায়তৰ সভাপতি গিয়াচুদ্দিন আহমেদ,সমাজকৰ্মী নেকিবুদ্দিন আহমেদ আদিকৰি কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত অন্বেষণ এন জি অ টোৰ বিষয়ববীয়াই জ্যেষ্ঠ আৰু কণমানি সকলৰ মাজত বিতৰণ কৰিলে গছপুলি। ধৰাৰ বুকু সেউজ কৰা লক্ষ্যৰে এন জি অ পৰিয়ালে বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছপুলি ৰোপণ কৰাৰ লগতে গছ পুলি প্ৰদান কাৰ্যক শলাগিছে সকলোৱে।