06/07/2022 - 20:12
in
পাৰ্ৱতি প্ৰসাদ বৰুৱা আছিল (ইংৰাজী: Parvati Prasad Baruva) অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ। তেখেত পৰিচিত আছিল গীতিকবি ৰূপে। তেখেতে ১৯৪০ চনত ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল। ৰূপহী আছিল চতুৰ্থখন অসমীয়া ছবি। কেৱল ছবি নিৰ্মাণেই নহয়, তেখেতে ছবিত অভিনয়ো কৰিছিল। ছাত্ৰাৱস্থাতেই তেখেতে 'থুপিতৰা' নাম দি এখন হাতেলিখা আলোচনী উলিয়াইছিল। 'থুপিতৰা' বন্ধ হ'লত সৰু ভায়েক মোক্ষদা প্ৰসাদৰ সম্পাদনাত 'ঘৰ-জেউতি' লিখি উলিয়াইছিল। পাৰ্ৱতি প্ৰসাদ বৰুৱাই ১৯৬১ চনত গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল।