ৰঙিয়াঃ জলসিঞ্চন বিভাগ ৰঙিয়া কমলপুৰ সংমণ্ডলৰ অধীনস্থ পৰিদৰ্শন বঙলাতো আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যিক বিজেপি সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাই। এক কোটি দহ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা হয় এই পৰিদৰ্শন বঙলাতো। দুবছৰ আগতে আধাৰশিলা স্থাপন কৰা এই বঙলাতো আজি শুভ উদ্বোধন কৰে বিধায়ক গৰাকীয়ে।
আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল ৰঙিয়া মহকুমাধিপতি ৰাহুল সুৰেশ, ৰঙিয়া পৌৰ সভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, ময়ূৰ ভূঞা অধীক্ষক অভিযন্তা, ৰঙিয়া খণ্ড উন্নয়ন বিষয়া,আঞ্চলিক পঞ্চায়তৰ সভানেত্রী চিপৰা দাস আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি। আজিৰ এই উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভবেশ কলিতাই চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে।
লগতে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত ধূলাবাড়িত নাবাৰ্ডৰ অধীনত নিৰ্মিত জলসিঞ্চন বিভাগৰ 4খন সৌৰশক্তি চালিত গভীৰ নলীনাদ আঁচনিৰো আধাৰশিলা স্থাপন কৰে বিধায়ক ভবেশ কলিতাই। জলসিঞ্চন বিভাগৰ ৰঙিয়া কমলপুৰ সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰিবলগীয়া এই আঁচনিৰ দ্বাৰা খেতিয়ক ৰাইজে উপকৃত হব বুলি উল্লেখ কৰে ভবেশ কলিতাই।